উফ ! বৰ গৰম !
আপুনি ছাগৈ এইকেইদিন গৰমত জ’লা-ক’লা খাইছে | গিলাচে গিলাচে থান্ডা পানী বা
নেমু –চৰবত খাই আৰু কাৰেণ্ট নথকা সময়্ত বিচনি ঘূৰাই গা শীতল কৰাৰ চেষ্টা চলাইছে | বিভিন্ন
সংবাদ মাধ্যমৰ গৰমৰ খবৰে নিশ্চয় আপোনাৰো দেহৰ তাপমাত্ৰা বৄদ্ধি পোৱাত সহায় কৰিছে |
তাৰ লগতে আছে গৰমত মৃত্যু হোৱা বুলি
ওলোৱা ন-ন খবৰ |
হিট স্ট্ৰোক বা তাপাঘাট নো কি?
হিট স্ট্ৰোক হ’ল পাৰিপাৰ্শ্বিক তাপমাত্ৰা অতিপাত বৄদ্ধি পোৱাৰ ফলত শৰীৰৰ উষ্ণতা
অস্বাভাৱিকভাৱে বাঢ়ি যোৱা|এজন সুস্থ মানুহৰ শৰীৰৰ তাপমাত্ৰা হ’ল ৯৮ ফাৰেনহাইট | যদি
ই ১০৫ ০ ফাৰেনহাইট’ত কৈ বেছি হৈ যায় তেন্তে শৰীৰৰ তাপমান নিয়ন্ত্ৰন কক্ষ বিকল হৈ এজন
মানুহ মৄত্যুৰ মুখত পৰিব পাৰে| সাধাৰণতে ই ৫০ বছৰৰ ওপৰৰ বা শিশু সকলৰ ক্ষেত্ৰত বেছিকৈ
দেখা যায় যিহেতু এই সকল লোকৰ তাপমান নিয়ন্ত্ৰনৰ প্ৰক্ৰিয়া কিছু দুৰ্ব্বল বা অনুন্নত
|তথাপিও যিকোনো বয়সৰ মানুহো আক্ৰান্ত হোৱা দেখা যায় |ৰ’দত বহুত সময় ধৰি কাম কৰিলে
লগতে শৰীৰত পানীৰ পৰিমাণ কমি গলে হিট স্ট্ৰোক হ’ব পাৰে |
হিট স্ট্ৰোক হোৱাৰ আগতে লাহে লাহে
গৰমৰ বাবে মানুহ জনৰ দেহত আন আন আনুসঙ্গিক লক্ষণ দেখা পোৱা যায় যেনে শিৰামূৰি ধৰা
( heat cramps), মূৰ্চ্চা যোৱা( heat syncope)আৰু
অত্যাধিক ভাগৰ (heat exhaustion) | লগতে এই উপসৰ্গ সমূহে দেখা দিয়ে – মূৰ ঘূৰোৱা
বা ৰিমঝিম কৰা, বমি ভাৱ অহা, অৱসাদ আৰু দুৰ্বলতা, মূৰৰ বিষ, মাংশপেশীৰ সংকোচন, চকুৰে
জল্মল দেখা ইত্যাদি|
হিট ক্ৰেম্পস : সাময়িক ভাবে হোৱা প্ৰবল মাংশপেশীৰ সংকোচনৰ, বিশেষকৈ হাত আৰু ভৰিৰ |
অত্যাধিক ভাগৰ (heat exhaustion) : দুৰ্ব্বল, মনসিক উত্তেজনা বৄদ্ধি পোৱা,
পিয়াহ লগা, ভোক নলগা, বমি ভাৱ অহা, জ্বৰ, মূৰ্চ্চা যোৱা, সিদ্ধান্ত ল’ব নোৱাৰা আৰু
মানসিক বিভ্ৰম ঘটা |
হিট স্ট্ৰোক বা তাপাঘাটৰ লক্ষণ সমূহ
- দেহৰ তাপমাত্রাৰ অস্বাভাবিক বৄদ্ধি
- ছাল
ৰঙা পৰি ওঠা, কিন্ত ঘাম নোলোৱা,
- খৰকটিয়া
পাল্চ
- মূৰৰ
বিষ
- শ্বাস –প্ৰশ্বাসত কষ্ট পোৱা
- মাতালৰ
দৰে ব্যবহা্ৰ
কৰা
- ব্যৱহাৰৰ
পৰিবৰ্তন, হ্যালুসিনেশন, বিভ্ৰান্ত হোৱা,
- অশান্তি কৰা
- ক’মা
অৱস্থালৈ যোৱা
প্ৰাথমিক চিকিত্সা
আক্ৰান্ত লোক জনক ততাতৈয়াকৈ কিছু ছাঁ পৰা ঠাইলৈ লৈ যাওঁক আৰু চিকিত্সালয়লৈ
নিয়াৰ ব্যৱস্থা কৰক| শৰীৰৰ অনাব্যশকীয় কাপোৰ আঁতৰাই দিয়ক | গাত পানী ঢালি বা মুচি দিব
পাৰে | পানী খুৱাওক (পাৰিলে লৱণযুক্ত )|বৰফৰ টুকুৰা কাষলতিৰ তলত, কৰঙন, ডিঙি আৰু পিঠিৰ
তলত দিব পাৰে |
প্ৰতিৰোধ :
বাহিৰৰ খাওঁ খাওঁ ৰ’দত ওলোৱাৰ আগতে এই সাৱধানতা কেইটা অৱলম্বন কৰিব-
ছাতি ব্যৱহাৰ কৰিব, নিয়মিত ৰূপে কিছু সময়ৰ অন্তৰে অন্তৰে পানী খাব, শৰীৰৰ ঘামৰ
লগত ওলাই যোৱা লৱন সমূহ পূৰাবৰ কাৰণে নিমখ বা ORS যুক্ত পানী খাব|
পাতল ৰঙৰ ঢিলা কাপোৰ পিন্ধিব | কামসমূহ কৰাৰ সময় পূৱা আৰু আবেলি কৰক
|sunscreen লগাওক | কফি বা চাহ কমাই খাওক |
সৰু ল’ৰা-ছোৱালীক অকলে বন্ধ গাড়ীত থৈ বজাৰ কৰিবলৈ নাযাব |
শৰীৰৰ সহনশীলতা বঢ়াবলৈ গৰমত কাম কৰিলেও মাজে মাজে ছাঁত জিৰণি লওঁক |
ভয় নাখাব কিছুমান নিয়ম মানি চলিলেই আপুনি ইয়াৰ পৰা সহজে পৰিত্ৰান পাব পাৰে|