Monday, June 17, 2013

হিট স্ট্রোক


উফ ! বৰ গৰম !

আপুনি ছাগৈ এইকেইদিন গৰমত জ’লা-ক’লা খাইছে | গিলাচে গিলাচে থান্ডা পানী বা নেমু –চৰবত খাই আৰু কাৰেণ্ট নথকা সময়্ত বিচনি ঘূৰাই গা শীতল কৰাৰ চেষ্টা চলাইছে | বিভিন্ন সংবাদ মাধ্যমৰ গৰমৰ খবৰে নিশ্চয় আপোনাৰো দেহৰ তাপমাত্ৰা বৄদ্ধি পোৱাত সহায় কৰিছে |
 তাৰ লগতে আছে গৰমত মৃত্যু হোৱা বুলি ওলোৱা ন-ন খবৰ |
হিট স্ট্ৰোক বা তাপাঘাট নো কি?
হিট স্ট্ৰোক হ’ল পাৰিপাৰ্শ্বিক তাপমাত্ৰা অতিপাত বৄদ্ধি পোৱাৰ ফলত শৰীৰৰ উষ্ণতা অস্বাভাৱিকভাৱে বাঢ়ি যোৱা|এজন সুস্থ মানুহৰ শৰীৰৰ তাপমাত্ৰা হ’ল ৯৮ ফাৰেনহাইট | যদি ই ১০৫ ০ ফাৰেনহাইট’ত কৈ বেছি হৈ যায় তেন্তে শৰীৰৰ তাপমান নিয়ন্ত্ৰন কক্ষ‍ বিকল হৈ এজন মানুহ মৄত্যুৰ মুখত পৰিব পাৰে| সাধাৰণতে ই ৫০ বছৰৰ ওপৰৰ বা শিশু সকলৰ ক্ষেত্ৰত বেছিকৈ দেখা যায় যিহেতু এই সকল লোকৰ তাপমান নিয়ন্ত্ৰনৰ প্ৰক্ৰিয়া কিছু দুৰ্ব্বল বা অনুন্নত |তথাপিও যিকোনো বয়সৰ মানুহো আক্ৰান্ত হোৱা দেখা যায় |ৰ’দত বহুত সময় ধৰি কাম কৰিলে
লগতে শৰীৰত পানীৰ পৰিমাণ কমি গলে হিট স্ট্ৰোক হ’ব পাৰে |
 হিট স্ট্ৰোক হোৱাৰ আগতে লাহে লাহে গৰমৰ বাবে মানুহ জনৰ দেহত আন আন আনুসঙ্গিক লক্ষণ দেখা পোৱা যায় যেনে শিৰামূৰি ধৰা ( heat cramps), মূৰ্চ্চা যোৱা( heat syncope)আৰু  অত্যাধিক ভাগৰ (heat exhaustion) | লগতে এই উপসৰ্গ সমূহে দেখা দিয়ে – মূৰ ঘূৰোৱা বা ৰিমঝিম কৰা, বমি ভাৱ অহা, অৱসাদ আৰু দুৰ্বলতা, মূৰৰ বিষ, মাংশপেশীৰ সংকোচন, চকুৰে জল্‍মল দেখা ইত্যাদি|
হিট ক্ৰেম্পস : সাময়িক ভাবে হোৱা প্ৰবল মাংশপেশীৰ সংকোচনৰ, বিশেষকৈ হাত  আৰু ভৰিৰ |
অত্যাধিক ভাগৰ (heat exhaustion) : দুৰ্ব্বল, মনসিক উত্তেজনা বৄদ্ধি পোৱা, পিয়াহ লগা, ভোক নলগা, বমি ভাৱ অহা, জ্বৰ, মূৰ্চ্চা যোৱা, সিদ্ধান্ত ল’ব নোৱাৰা আৰু মানসিক বিভ্ৰম ঘটা |

হিট স্ট্ৰোক বা তাপাঘাটৰ লক্ষণ সমূহ
  • দেহৰ   তাপমাত্রাৰ অস্বাভাবিক বৄদ্ধি
  • ছাল ৰঙা পৰি ওঠা, কিন্ত ঘাম নোলোৱা,
  • খৰকটিয়া পাল্‍চ
  • মূৰৰ বিষ
  • শ্বাসপ্ৰশ্বাসত কষ্ট পোৱা
  • মাতালৰ দৰে ব্যবহা্ৰ কৰা
  • ব্যৱহাৰৰ পৰিবৰ্তন, হ্যালুসিনেশন, বিভ্ৰান্ত হোৱা,
  • অশান্তি কৰা
  • ক’মা অৱস্থালৈ যোৱা



 প্ৰাথমিক চিকিত্সা

আক্ৰান্ত লোক জনক ততাতৈয়াকৈ কিছু ছাঁ পৰা ঠাইলৈ লৈ যাওঁক আৰু চিকিত্সালয়লৈ নিয়াৰ ব্যৱস্থা কৰক| শৰীৰৰ অনাব্যশকীয় কাপোৰ আঁতৰাই দিয়ক | গাত পানী ঢালি বা মুচি দিব পাৰে | পানী খুৱাওক (পাৰিলে লৱণযুক্ত )|বৰফৰ টুকুৰা কাষলতিৰ তলত, কৰঙন, ডিঙি আৰু পিঠিৰ তলত দিব পাৰে |
প্ৰতিৰোধ :
বাহিৰৰ খাওঁ খাওঁ ৰ’দত ওলোৱাৰ আগতে এই সাৱধানতা কেইটা অৱলম্বন কৰিব-
ছাতি ব্যৱহাৰ কৰিব, নিয়মিত ৰূপে কিছু সময়ৰ অন্তৰে অন্তৰে পানী খাব, শৰীৰৰ ঘামৰ লগত ওলাই যোৱা লৱন সমূহ পূৰাবৰ কাৰণে নিমখ বা ORS যুক্ত পানী খাব|
পাতল ৰঙৰ ঢিলা কাপোৰ পিন্ধিব | কামসমূহ কৰাৰ সময় পূৱা আৰু আবেলি কৰক |sunscreen লগাওক | কফি বা চাহ কমাই খাওক |
সৰু ল’ৰা-ছোৱালীক অকলে বন্ধ গাড়ীত থৈ বজাৰ কৰিবলৈ নাযাব |
শৰীৰৰ সহনশীলতা বঢ়াবলৈ গৰমত কাম কৰিলেও মাজে মাজে ছাঁত জিৰণি লওঁক |

ভয় নাখাব কিছুমান নিয়ম মানি চলিলেই আপুনি ইয়াৰ পৰা সহজে পৰিত্ৰান পাব পাৰে|

No comments:

Post a Comment